Tuesday, February 3, 2026

গুৱাহাটী বিশ্ববিদ্যালয়ত জলবায়ু পৰিৱৰ্তন শীৰ্ষক বিশেষ বক্তৃতানুষ্ঠান সম্পন্ন




গুৱাহাটী, ফেব্ৰুৱাৰী ৩, ২০২৬ : পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তনৰ বিভিন্ন দিশত ওপৰত গুৰুত্ব আৰোপ কৰাৰ উদ্দেশ্যৰে গুৱাহাটী বিশ্ববিদ্যালয়ত সোমবাৰে 'Climate Resilience in the Eastern Himalayas: Achieving SDG's through Sustainable Landscape Management' শীৰ্ষক বিশেষ বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। 

বক্তৃতানুষ্ঠানত আভ্যন্তৰীণ গুণগত নিশ্চয়তা কোষ (IQAC)ৰ সঞ্চালক অধ্যাপক ধ্ৰুৱজ্যোতি চহৰীয়াই Centre For Himalayan Studies ৰ চেণ্টাৰৰ বিভিন্ন দিশৰ আলোকপাত কৰে। 

বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই বিষয় সন্দৰ্ভত উল্লেখ কৰে যে, "পূৰ্ব হিমালয় অঞ্চল কেৱল এক ভৌগোলিক ক্ষেত্ৰ নহয়, ই আমাৰ জীৱন, জীৱিকা আৰু ভৱিষ্যতৰ সৈতে গভীৰভাৱে জড়িত। এই অঞ্চলত দেখা দিয়া জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ মোকাবিলা কৰিবলৈ জ্ঞান, গৱেষণা আৰু সমাজভিত্তিক উদ্যোগ একেলগে আগবাঢ়িব লাগিব। গুৱাহাটী বিশ্ববিদ্যালয়ে বিভিন্ন দিশ সামৰি উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত গঠনমূলক ভূমিকা গ্ৰহণ কৰি আছে।”

ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ ইণ্টিগ্ৰেটেড মাউণ্টেইন ডেভেলপমেণ্টৰ ডাইৰেক্তৰ জেনেৰেল ড⁰ পেমা গ্যামট্সোই মূল ভাষণ প্ৰদান কৰি উল্লেখ কৰে যে, "পূৰ্ব হিমালয় অঞ্চলৰ পৰিৱেশগত সংবেদনশীলতা আৰু জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰিবলৈ স্থানীয় সমাজৰ সহযোগিতা আৰু স্থায়ী ব্যৱস্থাপনাই মুখ্য ভূমিকা পালন কৰে। ICIMOD-ৰ উদ্যোগ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে সহযোগিতাৰ জৰিয়তে আমি এই অঞ্চলৰ পৰিৱেশ সংৰক্ষণ, খাদ্য সুৰক্ষা আৰু স্থানীয় জীৱিকা উন্নয়নৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী সমাধান আগবঢ়াবলৈ সদায় সষ্টম।”

বক্তৃতানুষ্ঠানত ড⁰ জীৱন বসাভাৰজ ( সচিব, উদ্ভাৱন আৰু ষ্টাৰ্টআপ বিভাগ, অসম চৰকাৰ), নন্দ কিশোৰ আগৰৱাল (ICIMOD, Nepal), সাৰদা খালিঙ (ICIMOD, Nepal) তথা অনলাইনযোগে টেৰিৰ ডাইৰেক্টৰ জেনেৰেল বিভা ধাৱান, বালিপাৰা ফাউণ্ডেচনৰ ৰঞ্জিত বৰঠাকুৰ উপস্থিত থাকে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰফেছৰ অফ প্ৰেক্টিছ ড⁰ পাৰ্থ জ্যোতি দাসে এক মত বিনিময় অনুষ্ঠান সঞ্চালনা কৰে।

No comments:

Post a Comment