গুৱাহাটী , ২৭ জানুৱাৰী: এন এফ ৰেলৱে মজদুৰ ইউনিয়নৰ উদ্যোগত আৰু প্ৰিয়া কমিউনিকেচনৰ সহযোগত ৰাষ্ট্ৰীয় যুৱদিৱস আৰু গনৰাজ্য দিৱসৰ লগত সংগতি ৰাখি পোন প্ৰথমবাৰৰ বাবে এন এফ ৰেলৱেত কৰ্মৰত বিষয়া, কৰ্মচাৰী আৰু তেওলোকৰ পৰিয়ালৰ সদস্যসকলৰ মাজত "ব্ৰেইনজাম - এন.এফ.ৰেলৱে কুইজ" শীৰ্ষক এক প্ৰাইজমানি কুইজ প্ৰতিযোগিতা মালিগাৱস্থিত ৰং ভৱনত ২৫ জানুৱাৰীত অনুষ্ঠিত হৈ যায়।
উক্ত দিনা দিনৰ ১১:৩০ বজাত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভনি কৰে অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা এন এফ ৰেলৱেৰ অতিৰিক্ত মহাপ্ৰৱন্ধক (AGM/NFR) বীৰভদ্ৰ বিশ্বকৰ্মাদেৱে।তেও উদ্বোধনী ভাষন প্ৰদান কৰি কয় যে- এনেধৰনৰ কুইজ প্ৰতিযোগিতাই একতা-মৈত্ৰী, সৌহাদ্যপূৰ্ণ বাতাবৰণ আৰু বৌদ্ধিক বিকাশৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।এই পদক্ষেপক তেও ভূয়সী প্ৰশংসা কৰে।
আদৰণি ভাষন প্ৰদান কৰে শ্ৰমিক নেতা পংকজ কলিতা আৰু প্ৰিয়া কমিউনেকেচনৰ অধ্যক্ষ অনুপ খান্নাই । ইয়াৰ উপৰিও এই অনুষ্ঠানত বিশেষ আমন্ত্ৰিত অতিথি হিচাপে হিন্দ মজদুৰ সভাৰ সাধাৰন সম্পাদক আশীষ বিশ্বাস আৰু কেইবাগৰাকীও বিশিষ্ট শ্ৰমিক নেতা উপস্থিত থাক। প্ৰতিযোগিতাত প্ৰথম ,দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্তসকলৰ মাজত পুৰষ্কাৰ হিচাপে নগদ ধন ,বটা আৰু প্ৰমান পত্ৰ প্ৰদান কৰা হয়। প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে প্ৰনৱজ্যেতি শৰ্মা আৰু কপিঞ্জল শৰ্মাৰ দলে।
উল্লেখযোগ্য যে - তেওলোক দুয়োজনেই এন এফ ৰেলৱেৰ উচ্চপদস্থ প্ৰসাশনিক বিষয়া। দ্বিতীয় স্থান লাভ কৰে ৰোহিত ঘোষ আৰু দীপক কুমাৰ কান্তিৰ দলে আৰু তৃতীয় স্থান লাভ কৰে দীপক কুমাৰ বাৰ্নৱাল আৰু
শ্বেইখ ছেলিমা আখতাৰে।ইয়াৰ উপৰিও অন্য ফাইনেলিষ্ট সকলক আকৰ্ষণীয় উপহাৰৰ টোপোলা প্ৰদান কৰা হয় । অনুষ্ঠানটোত উপস্থিত থকা কেইবাশতাধিক দৰ্শকৰ মাজতো আকৰ্ষনীয় উপহাৰ বিতৰণ কৰা হয় ।



No comments:
Post a Comment