Tuesday, January 27, 2026

বিশ্ববাসীৰ মংগলৰ বাবে পাণ্ডুনাথ দেৱালয়ত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰীবিষ্ণু মহাযজ্ঞৰ আয়োজন



গুৱাহাটী, ২৭ জানুৱাৰী  : গুৱাহাটীৰ পাণ্ডুস্থিত ঐতিহাসিক পাণ্ডুনাথ দেৱালয়ত বিগত বছৰ সমূহৰ দৰে এইবেলিও বিশ্ববাসীৰ মংগলাৰ্থে অহা ৩০ জানুৱাৰীৰৰ পৰা ১ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ৩৩ সংখ্যক শ্ৰী শ্ৰীবিষ্ণু মহাযজ্ঞৰ আয়োজন কৰা হৈছে। ৩০ জানুৱাৰীত  পুৱা ৯ বজাত যজ্ঞধজ্জা উত্তোলনৰে  শ্ৰীশ্ৰীবিষ্ণু মহাযজ্ঞৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব। তাৰ পিছত দিনৰ ১০.৩০ বজাত যজ্ঞানুষ্ঠান মুকলি আৰু দূপৰীয়া  ১২ বজাত মহাযজ্ঞৰ লগত সংগতি ৰাখি এক বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হব। সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হব। 

 ৩১ আৰু ১ ফেব্ৰুৱাৰীত পুৱা ৮ বজাৰ পৰা বিয়লি ৩  বজালৈ যজ্ঞৰ আহুতি আৰম্ভ হব। ১ ফেব্ৰুৱাৰীত অন্তিম দিনা পুৱা ৮ বজাৰ পৰা আহুতি আৰম্ভ হব আৰু বিয়লি ৩ বজাৰ পৰা পূৰ্ণাহুতি আৰম্ভ হব। সন্ধিয়া ৬ বজাৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ কাৰ্যসূচী উলহ- মালহৰে পালন কৰা হব। নিশা ৮ বজাৰ পৰা ধৰ্মীয় গীত - মাত, নৃত্য পৰিৱেশন কৰা হব। ৯ বজাৰ পৰা চয়ন বৰুৱাৰ পৰিচালনাত এখন কৌতুক নাট প্ৰদৰ্শন কৰা হব।  ইয়াৰ উপৰিও যজ্ঞৰ আটাইকেইদিনতে দিনৰ ভাগত নাম-প্ৰসংগ আৰু বিভিন্ন কাৰ্যসূচী চলি থাকিব।

 আনহাতে যজ্ঞৰ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সমাজসেৱিকা ৰিণিকী ভূঞা শৰ্মাক সভাপতি, গোপীনাথ দাস আৰু পুৰেণ বৰাক  কাৰ্যকৰী সভাপতি, নিমাই চন্দ্ৰ দাসক  সম্পাদক আৰু ৰাজু বিশ্বাসক কোষাধ্যক্ষ হিচাপে লৈ এখন কাৰ্যকৰী কমিটি গঠন কৰা হৈছে। উদ্যোক্তা সকলে যজ্ঞৰ কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগ আৰু উপস্থিতি কামনা কৰিছে।

No comments:

Post a Comment