- কেৱল Re 1 মূল্যত শ্বেয়াৰ প্ৰদান - ভাৰতৰ ভিতৰত আটাইতকৈ কম ESOP মূল্য নিৰ্ধাৰণৰ অন্যতম
- শেহতীয়া ভেষ্টিং চক্ৰত শ্বেয়াৰ মূল্যত ৮০ শতাংশ বৃদ্ধি
- ESOP ২০২২ ভেষ্টিংৰ জৰিয়তে ₹৩০০ কোটিতকৈ অধিক সম্পদ সৃষ্টি\
- ২০২৫ চনত ১,২০০ জন কৰ্মচাৰীৰ প্ৰথমবাৰৰ বাবে ESOP লাভ
গুৱাহাটী, জানুৱাৰী ২৩, ২০২৬: ভাৰতৰ আগশাৰীৰ ধাতু, তেল আৰু গেছ, গুৰুত্বপূৰ্ণ খনিজ, বিদ্যুৎ আৰু প্ৰযুক্তি খণ্ডৰ অগ্ৰণী প্ৰতিষ্ঠান ভেদান্তা লিমিটেডে (NSE: VEDL) বিগত পাঁচ বছৰত ধাৰাবাহিক কৰ্মচাৰী ষ্টক অপচন (ESOP) প্ৰদানৰ জৰিয়তে কৰ্মচাৰীসকলৰ বাবে প্ৰায় ₹২,৫০০ কোটি টকাৰ সামগ্ৰিক আৰ্থিক মূল্য সৃষ্টি কৰিছে। এই উদ্যোগে ভাৰতত বহুলভাৱে আৰু অন্তৰ্ভুক্তিমূলক সম্পদ সৃষ্টিৰ এক নতুন দৃষ্টান্ত স্থাপন কৰিছে। শেহতীয়াকৈ, ESOP ২০২৫ৰ অধীনত ৫০০ কোটিতকৈ অধিক মূল্যৰ ষ্টক অপচন প্ৰদান কৰা হৈছে, যাৰ জৰিয়তে প্ৰথমবাৰৰ বাবে প্ৰায় ১,২০০ জন কৰ্মচাৰী, নতুনকৈ নিযুক্তি হোৱা যুৱক-যুৱতীসকল অধিক সক্ষম আৰু শক্তিশালী হৈছে।
বেদান্তৰ ESOP মডেল দেশৰ আটাইতকৈ অন্তৰ্ভুক্তিমূলক ব্যৱস্থাসমূহৰ অন্যতম, যিয়ে সংস্থাৰ প্ৰায় ৪০% কৰ্মচাৰীক বিভিন্ন কাৰখানা, বিভাগ আৰু কেৰিয়াৰ স্তৰত অন্তৰ্ভুক্ত কৰিছে। ২০ বছৰতকৈ অধিক সময় ধৰি ESOP প্ৰশাসন চলাই অহাৰ ফলত কৰ্মচাৰী মালিকা সংস্থাৰ সংস্কৃতিৰ গভীৰ অংগ হৈ পৰিছে।তিনিবছৰীয়া ভেষ্টিং চক্ৰৰ ভিতৰত এই ব্যৱস্থাই নতুন নিযুক্তি হোৱা আৰু কেৰিয়াৰৰ প্ৰাৰম্ভিক পৰ্যায়ৰ কৰ্মচাৰীসকলকো শ্বেয়াৰ প্ৰদান কৰে, যাৰ পৰিমাণ প্ৰায় স্থায়ী দৰমহাৰ ৩০%ৰ সমান। ইয়াৰ ফলত বেদান্ত ভাৰতৰ মাত্ৰ কেইটামান প্ৰতিষ্ঠানৰ ভিতৰত নতুনকৈ নিযুক্তি হোৱা কৰ্মচাৰীসকলক ESOP প্ৰদান কৰা এক অন্যতম সংস্থা হিচাপে পৰিগণিত হৈছে।
বেদান্তৰ ESOP গাঁথনিৰ এক বিশেষ বৈশিষ্ট্য হৈছে যে, শ্বেয়াৰসমূহ ৰেহাইমূল্যত কেৱল Re 1 প্ৰদান কৰা হয়, যিয়ে বেদান্তৰ দীৰ্ঘম্যাদী মূল্য সৃষ্টি আৰু অংশীদাৰীভিত্তিক মালিকানাৰ প্ৰতিশ্ৰুতি দৃঢ় কৰে, লগতে সামান্য প্ৰাৰম্ভিক বিনিয়োগেৰে সুযোগ প্ৰদান কৰে। বৰ্ষসমূহত ধাৰাবাহিকভাৱে শ্বেয়াৰ মূল্য বৃদ্ধি পোৱাৰ লগতে, বৰ্তমান সময়ত বেদান্তৰ শ্বেয়াৰসমূহে সৰ্বকালৰ উচ্চতম স্তৰ স্পৰ্শ কৰিছে। ইয়াৰ ফলত ESOP সমূহে হাজাৰ হাজাৰ কৰ্মচাৰীক জীৱনৰ গুৰুত্বপূৰ্ণ লক্ষ্যসমূহ যেনে ঘৰ ক্ৰয়, উচ্চ শিক্ষা আৰু শিক্ষাব্যয়, গাড়ী ক্ৰয়, পৰিয়ালৰ আৰ্থিক সহায়, আৰু দীৰ্ঘম্যাদী সঞ্চয়—সফলভাবে পূৰণ কৰিবলৈ সক্ষম কৰি তুলিছে।
হিন্দুস্তান জিংকৰ স্মেল্টিং অপাৰেশ্যনৰ মেনেজাৰ নীৰজ কুমাৰে উল্লেখ কৰে যে, “যেতিয়া মোৰ পৰিয়ালে পাটনাত আমাৰ ঘৰ পঞ্জীয়ন সম্পূৰ্ণ কৰিছিল, তেতিয়া আমাৰ তৎক্ষণাত বহু টকাৰ প্ৰয়োজন হৈছিল। সেই সময়ত মোৰ ESOP সমূহেই আমাৰ সৰ্ববৃহৎ সহায় হৈছিল। তিনিবছৰ আগতে যেতিয়া অপচনসমূহ প্ৰদান কৰা হৈছিল, তেতিয়া মই ইয়াৰ সম্পূৰ্ণ সম্ভাৱনা বুজি নাপালোঁ। কিন্তু বেদান্তৰ শ্বেয়াৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাই উচ্চতম পৰ্যায়ত উপনীত হোৱাত, শেহতীয়া ভেষ্টিং একেবাৰে সঠিক সময়ত আহিল। ইয়াৰ জৰিয়তে মই মোৰ পৰিয়ালৰ সপোন পূৰণত সহায় কৰিব পাৰিলোঁ, আৰু কোম্পানী আমাৰ লগত থকা দেখা পাই মোৰ পিতৃ অত্যন্ত গৰ্ব অনুভৱ কৰিলে। মধ্যম পৰ্যায়ৰ কৰ্মচাৰীসকলৰ বাবে এনে অন্তৰ্ভুক্তিমূলক সম্পদ সৃষ্টিৰ সুযোগ অতি কম কোম্পানীয়ে প্ৰদান কৰে।”
ESOP ২০২২ৰ শেহতীয়া ভেষ্টিং চক্ৰই শ্বেয়াৰৰ মূল্যত ৮০% তকৈ অধিক বৃদ্ধিৰ সুযোগ দিছে, যাৰ জৰিয়তে কৰ্মচাৰীৰ বাবে ৩০০ কোটিতকৈ অধিক সম্পদ সৃষ্টি হৈছে। এইটোৱে স্পষ্টকৈ প্ৰতিফলিত কৰে যে কোম্পানীৰ কাৰ্যদক্ষতা আৰু কৰ্মচাৰী পৰিতোষৰ মাজত গভীৰ সম্পৰ্ক আছে।
এই দৃষ্টিভংগী উদ্ভৱ হৈছে বেদান্তৰ চেয়াৰমেন অনিল আগৰৱালৰ দৰ্শনৰ পৰা, যি দৰ্শনে কৰ্মচাৰীসকলক ক্ষমতায়িত কৰা, তেওঁলোকৰ কৰ্মজীৱনৰ অগ্ৰগতি তীব্ৰ কৰা, আৰু সংস্থাৰ সকলো স্তৰত, বিশেষকৈ যুৱ পেচাদাৰী আৰু মহিলাসকলৰ বাবে সমান আৰ্থিক সুযোগ সৃষ্টি কৰাৰ লক্ষ্যক গুৰুত্ব প্ৰদান কৰে। হাজাৰ হাজাৰ কৰ্মচাৰীৰ বাবে, ESOP সমূহ এক অৰ্থপূৰ্ণ আৰ্থিক স্থিতিশীলতা হিচাপে পৰিণত হৈছে, যিয়ে তৎক্ষণাতৰ আৱশ্যকতা আৰু দীৰ্ঘম্যাদী পৰিকল্পনাক সমৰ্থন কৰে।
S M Rahaman Kasim, Associate GM, Quality Management, BALCO, Vedanta Aluminium ৰ Associate GM এছ এম ৰেহমান কাচিমে উল্লেখ কৰে যে,“বেদান্তৰ ESOP-সমূহে মোক মোৰ সন্তানসকলৰ শিক্ষাৰ খৰচৰ বাবে আত্মবিশ্বাস প্ৰদান কৰিছে। মোৰ এজন পুত্ৰ ৰাছিয়াত MBBS অধ্যয়ন কৰিছে আৰু আনজনে গুৱাহাটীত অধ্যয়ন কৰিছে। বেদান্তৰ ESOP-সমূহে মোৰ সন্তানসকলৰ সপোন পূৰণ কৰাত মোক আৰ্থিকভাৱে সহায় কৰিছে।”
Sterlite Copper ৰ Associate Manager নীলেশ ভৰে উল্লেখ কৰে যে,“যেতিয়া মোৰ পিতৃৰ গাড়ীৰ সৈতে দুৰ্ঘটনা হৈছিল, তেতিয়া মেৰামতিৰ খৰচ অত্যন্ত পৰিমাণে আছিল। মোৰ ESOP সঞ্চয়ে আমাৰ পৰিয়ালক সন্মানপূৰ্ণভাৱে সেই পৰিস্থিতি ব্যৱস্থাপনা কৰিবলৈ সহায় কৰিছিল। ই আমাৰ পৰিয়ালৰ বাবে সঁচাকৈয়ে জীৱনদায়ক সহায় হৈ পৰিছিল।”
বেদান্তই ভাৰতীয় উৎপাদনত ক্ষতিপূৰণৰ ধাৰণা পুনৰ সংজ্ঞায়িত কৰিছে য'ত ইঞ্জিনিয়াৰ, যুৱ পেচাদাৰী, কাৰখানা দল আৰু মধ্যম পৰ্যায়ৰ কৰ্মচাৰীক শ্বেয়াৰৰ মালিকানা দিয়া হৈছে। ইয়াৰ ফলত সম্পদ সৃষ্টি গণতান্ত্ৰিক হৈ পৰিছে আৰু সংস্থাই বিশ্বাস কৰে যে কৰ্মচাৰীয়ে তেওঁলোকে নিৰ্মাণ কৰা মূল্যৰ প্ৰাপ্য লাভ কৰা উচিত।

No comments:
Post a Comment