- মৎস্য উৎপাদন, গৱেষণা আৰু কৃষক প্ৰশিক্ষণত গুৰুত্ব আৰোপ
গুৱাহাটী, জানুৱাৰী ২৩, ২০২৬ : অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়াৰ গৌৰৱময় উপস্থিতিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ Aquaculture & Biodiversity Centre ত শুক্ৰবাৰে Live Fish Germplasm Resource Centre উদ্বোধন তথা Fisheries Community-Centric Centre আৰু Farmers' Training Hostel ৰ আধাৰশিলা স্থাপন কৰা হয়।
অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে মৎস্য উৎপাদনৰ ক্ষেত্ৰৰ লগত জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই আদৰণীয় পদক্ষেপক প্ৰশংসা কৰি উল্লেখ কৰে যে, "মৎস্য খণ্ড অসমৰ অৰ্থনীতি আৰু পুষ্টি সুৰক্ষাৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। গুৱাহাটী বিশ্ববিদ্যালয়ে গৱেষণা, প্ৰশিক্ষণ আৰু সমাজমুখী উন্নয়নৰ ক্ষেত্ৰত যি দৃষ্টান্ত স্থাপন কৰিছে, সেয়া প্ৰশংসনীয় আৰু অনুকৰণযোগ্য। আশা কৰিছোঁ আগলৈও এই বিকাশমুখী যাত্ৰা অব্যাহত থাকিব।”
উক্ত অনুষ্ঠানত অধ্যক্ষৰ আসন অলংকৃত কৰি বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই নিজৰ মত প্ৰকাশ কৰি কয় যে, “গুৱাহাটী বিশ্ববিদ্যালয়ে জ্ঞান, গৱেষণা লগতে সমাজৰ প্ৰয়োজনৰ সৈতে একাত্ম হোৱাৰ বাবে সদায় আগবাঢ়ি আহিছে। ICAR-NBFGR ৰ সৈতে হোৱা এই সহযোগিতাই মীন গৱেষণা আৰু কৃষক-সমাজৰ উন্নয়নত এক নতুন অধ্যায়ৰ সূচনা কৰিব।”
ICAR-NBFGR ৰ নিৰ্দেশক ড⁰ কাজল চক্ৰৱৰ্তীৰ উদ্বোধনী ভাষণেৰে আৰম্ভ হোৱা উক্ত অনুষ্ঠানত পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, অসম চৰকাৰৰ মীন বিভাগৰ নিৰ্দেশক এ চি এছ গৌৰী শংকৰ দাস, Aquaculture & Biodiversity Centre ৰ সমন্বয়ক অধ্যাপক দণ্ডধৰ শৰ্মা প্ৰমুখ্যে ICAR ৰ বিষয়ববীয়া, অধ্যাপক অধ্যাপিকা, গৱেষক ছাত্ৰ আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে। উক্ত অনুষ্ঠানতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু ICAR-NBFGR ৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰ হয়।

No comments:
Post a Comment