Friday, January 30, 2026

গুৱাহাটী বিশ্ববিদ্যালয়ত 'অসমৰ পাণ্ডুলিপিসমূহ' শীৰ্ষক কৰ্মশালা*



 অসমৰ ৰাজ্যপাল ভাষা উদগনিমূলক যোজনা ২০২৫ 
 

গুৱাহাটী, জানুৱাৰী ৩০, ২০২৬ : অসমৰ মহামহিম ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় আচাৰ্য শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াৰ গৌৰৱময় উপস্থিতিত লোক ভৱন, অসমৰ উদ্যোগত তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগত 'অসমৰ ৰাজ্যপাল ভাষা উদগনিমূলক যোজনা ২০২৫'ৰ অধীনত দুদিনীয়া কাৰ্যসূচীৰে শুক্ৰবাৰৰ পৰা "অসমৰ পাণ্ডুলিপিসমূহ" শীৰ্ষক কৰ্মশালা অনুস্থিত হয়। 

উদ্বোধনী অনুষ্ঠানত কৰ্মশালাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি মহামহিম ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় আচাৰ্য শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াই অসমৰ পাণ্ডুলিপি, ইতিহাস, ভাষা আৰু জ্ঞান পৰম্পৰাৰ অমূল্য সম্পদসমূহ সংৰক্ষণ তথা  অধ্যয়নৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰে যে,"অসমৰ পাণ্ডুলিপিসমূহ একমাত্ৰ ইতিহাসৰ পৃষ্ঠাত সীমাবদ্ধ থকা নিস্তেজ দলিল নহয় - ই আমাৰ ভাষা, চিন্তা আৰু জ্ঞান পৰম্পৰাৰ জীৱন্ত সাক্ষী। এই অমূল্য ঐতিহ্যসমূহ সংৰক্ষণ, অধ্যয়ন আৰু আধুনিক প্ৰজন্মৰ ওচৰলৈ লৈ যোৱাটো সমাজৰ সকলো স্তৰৰ মানুহৰ এক সামূহিক দায়িত্ব।”



বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই নিজৰ ভাষণত অসমৰ সাঁচিপাত তথা বিভিন্ন পাণ্ডুলিপিসমূহৰ ঐতিহ্যৰ বিষয়ে এক বিস্তৃত আলোকপাত কৰি কয়, "ড⁰ ভূপেন হাজৰিকাদেৱৰ বাণীক সৰোগত কৰি গুৱাহাটী বিশ্ববিদ্যালয়ে ভাষা, সংস্কৃতি তথা ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত প্ৰতিষ্ঠাকালৰে পৰাই অগ্ৰণী ভূমিকা পালন কৰি আহিছে। অমূল্য পাণ্ডুলিপিসমূহ বৰ্তমানৰ তথা ভৱিষ্যতৰ নৱ-প্ৰজন্মৰ বাবে জীৱন্ত কৰি ৰাখিবলৈ আমি সদায়েই প্ৰতিশ্ৰুতিবদ্ধ। আশা কৰিছোঁ, অসমৰ পাণ্ডুলিপি ঐতিহ্যৰ বিকাশৰ ক্ষেত্ৰত এই কৰ্মশালাই এক যুগান্তৰকাৰী ভূমিকা গ্ৰহণ কৰিব।”

কৰ্মশালাৰ প্ৰথম দিনত অসম মহিলা বিশ্ববিদ্যালয়, যোৰহাটৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপিকা মালিনী গোস্বামীয়ে মূল ভাষণ প্ৰদান কৰাৰ লগতে বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ সঞ্চালিকা ড⁰ সংগীতা গগৈ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ পাণ্ডুলিপি বিভাগৰ সহকাৰী সংৰক্ষক ধনজিৎ তালুকদাৰ সমল ব্যক্তিৰূপে উপস্থিত থাকি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে। 

গভৰ্নৰ অফ অসমৰ আইএএছ কমিছনাৰ আৰু চেক্ৰেটাৰী  সন্মানীয় এছএছমিনাক্ষী ডাঙৰীয়াৰ আৰম্ভণি ভাষণেৰে আৰম্ভ হোৱা উক্ত অনুষ্ঠানত প্ৰফেছৰ বেচন লাল, প্ৰফেছৰ হৰ বংশ দীক্ষিত,ডঃ দীপি ৰেখা কুলি  সমন্বিতে বিশিষ্ট ব্যক্তিসকল তথা অধ্যাপক-অধ্যাপিকা, গৱেষক শিক্ষাৰ্থী আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে।


No comments:

Post a Comment