Tuesday, December 23, 2025

পৰীক্ষা শেষ হোৱাৰ মাত্ৰ ১৩ দিনৰ ভিতৰতে পৰীক্ষাৰ ফলাফল ঘোষণা কৰি অভিলেখ গঢ়িলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষাকেন্দ্ৰই



 গুৱাহাটী ,২৩ ডিচেম্বৰ : গুৱাহাটী বিশ্ববিদ্যালয়ত  বহু সময়ত  পৰীক্ষাৰ ফলাফল ঘোষণাৰ বিলম্বক কেন্দ্ৰ কৰি শিক্ষাৰ্থীসকলৰ অসন্তুষ্টিৰ সন্মুখীন হৈ অহা গুৱাহাটী বিশ্ববিদ্যালয়ে পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ ক্ষেত্ৰত বিগত এটা বছৰত যথেষ্ট শুধৰণি কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ পৰীক্ষা অনুষ্ঠিত হোৱাৰ মাত্ৰ ১৩ দিনৰ ভিতৰতে ফলাফল ঘোষণা কৰি এক অভিলেখ সংখ্যক কম দিনতে ফলাফল ঘোষণাৰ কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ।

 গুৱাহাটী বিশ্ববিদ্যালয় দূৰ আৰু অনলাইন শিক্ষাকেন্দ্ৰৰ সঞ্চালকে কেন্দ্ৰৰ দ্বাৰা পৰিচালিত স্নাতকোত্তৰ কলা, বানিজ্য আৰু বিজ্ঞান শাখাৰ প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ ষাণ্মাসিক - ২০২৫ পৰীক্ষাৰ ফলাফল সমূহ ২১ ডিচেম্বৰত  ঘোষণা কৰিছে । এই বিষয়ে সঞ্চালক ডঃ দেৱহৰি তালুকদাৰে  সদৰি কৰা অনুসৰি ৬ টা বিষয়ত অনুষ্ঠিত স্নাতকোত্তৰ প্ৰথম , দ্বিতীয়, তৃতীয় আৰু  চতুৰ্থ  সান্মাষিক পৰীক্ষাত অৱতীৰ্ণ  হোৱা শিক্ষাৰ্থীৰ পৰিসংখ্যা আৰু  উত্তীৰ্ণৰ হাৰ সম্পৰ্কে বিস্তৃতভাৱে সদৰি কৰে। সেই অনুসৰি প্ৰথম সান্মাষিকত শিক্ষাৰ্থীৰ  ৬০'৮৫%, দ্বিতীয় সান্মাষিকত ৭২'৮৩%তৃতীয় সান্মাষিকত ৮৮'৩৩% আৰু  চতুৰ্থ সান্মাষিকত ৮০ʼ২৪% শিক্ষাৰ্থী উত্তীৰ্ণ হয়।   

অভিলেখ সংখ্যক কম দিনত এক নিৰ্ভূল আৰু শিক্ষাৰ্থী সহায়ক ফলাফল প্ৰকাশৰ সফলতাৰ ক্ষেত্ৰত মূল্যায়নকাৰী পৰীক্ষক, সূক্ষ্ম পৰীক্ষক আৰু মুখ্য পৰীক্ষকৰ লগতে মূল্যায়ন মণ্ডলৰ সৈতে জড়িত সকলোলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উৰ্দ্ধতম কৰ্তৃপক্ষৰ হৈ গুৱাহাটী বিশ্ববিদ্যালয় দূৰ আৰু অনলাইন শিক্ষাকেন্দ্ৰৰ সঞ্চালক ডঃ দেৱহৰি তালুকদাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে শেষৰটো  পৰীক্ষা অনুষ্ঠিত হৈছিল যোৱা ৮ ডিচেম্বৰত। অৰ্থাৎ ৮ ডিচেম্বৰত অনুষ্ঠিত হোৱা পৰীক্ষাৰ ফলাফল ২১ ডিচেম্বৰত ঘোষণা কৰাত স্বাভাবিকতে দূৰ আৰু অনলাইন শিক্ষাকেন্দ্ৰক বিশ্ববিদ্যালয়খনৰ শৈক্ষিক , অনা শৈক্ষিক কামৰ লগত জড়িত সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে।

No comments:

Post a Comment