Wednesday, December 24, 2025

গীত, কবিতা পাঠ, বক্তৃতা প্ৰদানৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সোঁৱৰণ ; লেখিকা-চলচ্চিত্ৰ নিৰ্মাতা ৰুণা লাইলাক দিল্লীৰ বাতৰি কাকত প্ৰজ্ঞা মেইলৰ "কৰ্ম সাধনা বঁটা" প্ৰদান


গুৱাহাটী ,২৪ ডিচেম্বৰ : নতুন দিল্লীৰ চাণক্যপুৰিস্থিত বিশ্ব যুৱ কেন্দ্ৰত  বাতৰি কাকত প্ৰজ্ঞা মেইলৰ উদ্যোগত ২৩ ডিচেম্বৰত দিল্লীৰ চতুৰ্থ ৰাষ্ট্ৰীয় কবি সন্মিলন অনুষ্ঠিত হৈ যায়। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ আনুষ্ঠানিকভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰে শুভাৰম্ভ হোৱা  ৰাষ্ট্ৰীয় বহুভাষিক কবি সন্মিলনখনত গুৱাহাটীৰ জালুকবাৰীৰ সুন্দৰবড়ী নিবাসী, অসমৰ বিশিষ্ট ঔপন্যাসিক, কবি, চলচ্চিত্ৰ নিৰ্মাতা, মানৱতাবাদী কৰ্মী তথা অপৰূপা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক ৰুণা লাইলাক প্ৰজ্ঞা মেইল কাকতৰ তৰফৰ পৰা "কৰ্ম সাধনা বঁটা" বঁটা প্ৰদান কৰা হয় । 

দূৰাৰোগ্য ৰোগৰ পৰা আৰোগ্য লাভ কৰা  ৰুণা লাইলাই বঁটা গ্ৰহণৰ পাছত অনুপ্ৰেৰণামুলক বক্তব্য  প্ৰদান কৰি উপস্থিত সকলোকে অভিভূত কৰে । উল্লেখযোগ্য যে,  অনুষ্ঠানটোত আমন্ত্ৰিত অতিথি কবি হিচাপে উপস্থিত আছিল অসমৰ কবি, গীতিকাৰ, নিৱন্ধকাৰ ডাঃ মৃন্ময় কুমাৰ, কবি দীপিকা ফুকন, জ্যোতি মালাকাৰ, সুকণ্ঠী গায়িকা ডাঃ মালবিকা ৰয়, অৱসৰপ্ৰাপ্ত সামৰিক বিষয়া আৰ পি সিং, প্ৰখ্যাত হিন্দী তথা উৰ্দু কবি-গীতিকাৰ, গজল গায়ক ইমৰাণ আহমেদ, পাঞ্জাবী কবি দিলদাৰ সিং, উত্তৰাখণ্ডৰ কবি হেমা উন্নিয়াল, কাশ্মীৰী কবি তথা ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া ৰিজুৱাণ, গাজীয়াবাদৰ কবি গৰিমা চাকসেনা,  ত্ৰিপুৰাৰ কবি কিৰণ সিংহা আৰু অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক কবি-শিল্পী। অনুষ্ঠানত ৰুণা লাইলাৰ লগতে বিশিষ্ট সাহিত্যিক তথা বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য সভাৰ সভাপতি দিলছ  লক্ষীন্দৰ সিংহক অৰ্জুন চন্দ্ৰ বৰ্মন ৰাষ্ট্ৰীয় বঁটা আৰু ডাঃ মৃন্ময় কুমাৰ নাথক প্ৰজ্ঞা মেইল উৎকৰ্ষ সাধন বঁটাৰে সন্মানিত কৰা হয়।

 কবি  শায়েৰ আশীষ আৰু প্ৰজ্ঞা মেইলৰ মুখ্য সম্পাদক অৰুণ বৰ্মনে অনুষ্ঠানটোত উপস্থিত থকা বিশিষ্ট কবি, শায়েৰ, গীতিকাৰ, শিল্পীসকলক অসমৰ চিন স্বৰূপে একোটিকৈ কাঠেৰে নিৰ্মিত গঁড়ৰ স্মাৰক আৰু অসমীয়াৰ স্বাভিমান একোখনকৈ ফুলাম গামোচাৰে সম্ভাষণ জনায় ।উল্লেখযোগ্য যে, অনুষ্ঠানত সদ্য প্ৰয়াত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক বিশেষভাৱে স্মৰণ কৰা হয়। অনুষ্ঠানত জুবিন গাৰ্গক লৈ ৰচিত কবিতা পাঠ, জুবিন গাৰ্গৰ গীত পৰিবেশন, জুবিন গাৰ্গ বিষয়ক বক্তৃতা প্ৰদান আদিৰে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
 

No comments:

Post a Comment