Friday, December 19, 2025

আৰ্য বিদ্যাপীঠত মুখ্যমন্ত্রীৰ বিশেষ আঁচনিৰ অধীনত ছাত্ৰ-ছাত্ৰীক চাইকেল বিতৰণ বিধায়কৰ


 
 গুৱাহাটী , ১৯ ডিচেম্বৰ : গুৱাহাটীৰ  ঐতিহ্যমণ্ডিত আর্য্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু বহমুখী বিদ্যালয়ত ১৮ ডিচেম্বৰত   মুখ্যমন্ত্রীৰ  বিশেষ আঁচনিৰ অধীনত  ২০২৫-২৬ বর্ষৰ নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চাইকেল বিতৰণ কৰা হয়। এই উপলক্ষে বিদ্যালয়খনৰ অধ্যক্ষ ছামচুদ্দিন আহমেদৰ পৰিচালনাত অনুষ্ঠিত অনুষ্ঠানটোত চাইকেল সমূহ বিতৰণ কৰে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।

 ভাষণ প্ৰসংগত বিধায়ক কলিতাই উপস্থিত ছাত্ৰ - ছাত্ৰীসকলক চাইকেল সমূহ চলোৱাৰ সময়ত সাৱধানতা অৱলম্বন কৰিবলৈ  আহ্বান জনোৱাৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ - ছাত্ৰীকে ধৰি সাধাৰণ ৰাইজৰ কল্যাণৰ বাবে গ্ৰহণ কৰা কেতবোৰ আঁচনিৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন পাৰিষদ ভূপেন ঠাকুৰীয়াকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি, বিদ্যালয়ৰ শিক্ষক - শিক্ষাৰ্থী উপস্থিত আছিল ।


 

No comments:

Post a Comment