গুৱাহাটী , ১ ডিচেম্বৰ : আঠ বছৰ আগতে আৰম্ভ হোৱা মহিলা সমাজসেৱী সংগঠন 'অপৰূপা'ৰ অষ্টম প্ৰতিষ্ঠা দিৱস ৩০ নৱেম্বৰত জালুকবাৰীস্থিত ৰাজ্যিক নাৰীগৃহত উদযাপন কৰা হয় । ৭৬ হাজাৰৰো অধিক মহিলা সদস্যৰ গঠিত এই বৃহৎ মহিলা গোটটোত ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ ১৭খন দেশৰ বহু মহিলা অপৰূপাৰ লগত জড়িত হৈ আছে ।
আনহাতে এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাগ লৈ সংগঠনটোৰ প্ৰতিষ্ঠাপক ৰুণা লাইলাই ভাষণ প্ৰসংগত কয় আজিৰ পৰা আঠ বছৰ আগতে এটা সৰু বীজ ৰোপণ কৰিছিলোঁ । আজি সেই বীজ লহপহকৈ বৃদ্ধি পাই গছ, ডাল-পাত, ফুল-ফলসহ দৃঢ় পৰিয়াললৈ বিকশিত হৈছে। অপৰূপাই মহিলা স্বাৱলম্বন, কৰ্কট ৰোগীৰ সহায়তা, অৰ্টিজিম সচেতনতা, পৰিয়ালভিত্তিক সমস্যা সমাধান আদি বহু দিশত সমাজসেৱামূলক কাৰ্য কৰি আহিছে ।
ইফালে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নাৰীগৃহৰ শিশু আৰু আবাসীসকলৰ মাজত কম্বল, কাপ আৰু খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। লগতে বিভিন্ন খেল-ধেমালি আৰু প্ৰতিযোগিতা আয়োজন কৰি বিজয়ীসকলক আকর্ষণীয় পুৰস্কাৰ প্ৰদান কৰা হয়। আনহাতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জনপ্রিয় গীত ‘মায়াবিনী’ পৰিবেশনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত নাহৰৰ পুলি ৰোপণ কৰি প্ৰাণৰ শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

No comments:
Post a Comment