Thursday, November 13, 2025

এন এফ ৰে'লৱেৰ মালিগাঁৱ ৰে'ল শ্ৰমিক সংগঠনটোৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন পালন।


 

গুৱাহাটী  ১৩ নৱেম্বৰ : সমগ্ৰ ৰাজ্যৰ লগতে ৰে'ল শ্ৰমিক কৰ্মচাৰী সকলেও পালন কৰিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন। দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ১৮ আৰু ১৯ নৱেম্বৰত যুগজয়ী সুৰৰ সম্ৰাট, নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন পালনৰ অৰ্থে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। এই সন্দৰ্ভত ৫৩ মালিগাওঁ শাখাৰ সম্পাদক পঙ্কজ কলিতা, নিৰ্মাণ শাখাৰ সম্পাদক অৰিজিৎ চৌধুৰী, পাণ্ডুৰ শাখা সম্পাদক ৰাজীৱ কৰ আৰু মহিলা শাখাৰ সভানেত্ৰী আছমী আহমেদে কয় যে প্ৰাণৰ শিল্পী জুবিন দাৰ জন্মদিন এন এফ ৰে'লৱেৰ মালিগাঁৱস্থিত মহাপ্ৰৱন্ধকৰ কাৰ্যালয় প্ৰাঙ্গনত দুদিনীয়াকৈ পালন কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে। 

প্ৰথম দিনা অৰ্থাৎ ১৮ নৱেম্বৰত হাৰ্টথ্ৰবৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ, প্ৰকৃতিপ্ৰেমী জুবিন দাৰ প্ৰিয় নাহৰ গছ পুলি ৰূপন আৰু এন এফ ৰে'লৱেৰ মালিগাঁৱস্থিত কেন্দ্ৰীয় হস্পিটেলত ৰুগী  সকলৰ মাজত ফল-মূল বিতৰণ আদি কাৰ্যসূচী ৰূপায়ন কৰা হ'ব। দ্বিতীয় দিনা ১৯ নৱেম্বৰত বিয়লি ৩ বজাত স্মৃতি চাৰণ সভা অনুষ্ঠিত কৰা হ'ব। স্মৃতি চাৰণ সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব এন এফ ৰে'লৱেৰ মহাপ্ৰৱন্ধক চেতন শ্ৰীবাস্তৱ আৰু অতিথি শিল্পী ৰূপে উপস্থিত থাকিব মানস ৰবীন আদিৰ উপৰি বহু শিল্পী তথা জুবিন অনুৰাগীয়ে নিজৰ নিজৰ অনুস্থান পৰিবেশন কৰিব বুলি প্ৰকাশ কৰিছে ৰে'ল শ্ৰমিক সংগঠনটোৰ নেতা সকলে।

No comments:

Post a Comment