গুৱাহাটী, নৱেম্বৰ ১৮: অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টিক সৰ্বোচ্চ পৰ্যায়ৰ উপযুক্ত সন্মান প্ৰদানৰ অংশ হিচাপে অমৰ শিল্পীগৰাকীৰ জন্মদিৱস উপলক্ষে ১৮ নৱেম্বৰ, ২০২৫ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ত এক ঐতিহাসিক পদক্ষেপ হিচাপে জুবিন গাৰ্গৰ স্মৃতিত প্ৰতিষ্ঠা হ'বলগীয়া প্ৰতিমূৰ্ত্তিৰ আধাৰশিলা স্থাপন কৰা হয়।
আধাৰশিলা স্থাপন অনুষ্ঠানত উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই প্ৰাণৰ শিল্পীগৰাকীৰ সৃষ্টিৰাজিক স্মৰণ কৰি উল্লেখ কৰে যে, "জুবিন গাৰ্গ কেৱল এগৰাকী শিল্পী নহয় - তেওঁ এটা যুগ, অসমীয়াৰ অনুভৱ আৰু সংস্কৃতিৰ এক অনন্য প্রতীক। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূমিত তেওঁৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰি আমি নৱপ্ৰজন্মক সপোন দেখিবলৈ আৰু অসমীয়াৰ গৌৰৱক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কিছু পৰিমাণে হলেও উৎসাহ যোগাব পাৰিম বুলি আমি আশাবাদী।"
উক্ত অনুষ্ঠানত পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, শ্ৰেণীসমূহৰ সচিব ড⁰ হেমন্ত কুমাৰ নাথ, তথ্য প্ৰযুক্তি অনুষদৰ ডীন অধ্যাপক শিখৰ কুমাৰ শৰ্মা, ছাত্ৰ কল্যাণ সঞ্চালক ড⁰ ৰঞ্জন কুমাৰ কাকতি, উপ ছাত্ৰ কল্যাণ সঞ্চালক ড⁰ কুলদ্বীপ পাটগিৰি, পৰিৱেশ্য কলা আৰু সংস্কৃতি কেন্দ্ৰৰ সঞ্চালক অধ্যাপক প্ৰাঞ্জল শইকীয়া সমন্বিতে অধ্যাপক অধ্যাপিকা, বিশিষ্ট ব্যক্তিসকল আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।
উল্লেখখযোগ্য যে উক্ত অনুষ্ঠানৰ উপৰিও জুবিন গাৰ্গৰ জন্মদিনৰ লগত সংগতি ৰাখি অসমীয়া বিভাগৰ সতীৰ্থ সমাজ, নাট্য পৰিষদ, স্নাতোকোত্তৰ ছাত্ৰ সন্থা, লোক সংস্কৃতি অধ্যয়ন বিভাগৰ উদ্যোগতো বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়।


No comments:
Post a Comment