Monday, November 10, 2025

গুৱাহাটী বিশ্ববিদ্যালয়ত চুফীবাদ বিষয়ক আন্তঃৰাষ্ট্ৰীয় সন্মিলন


 

 গুৱাহাটী , নৱেম্বৰ ১০ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাৰ্চী বিভাগৰ উদ্যোগত তথা ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদৰ সহযোগত তিনিদিনীয়াকৈ ১০ নৱেম্বৰ, ২০২৫ তাৰিখৰ পৰা ফণীধৰ দত্ত প্ৰেক্ষাগৃহত 'Sufism and Interfaith Dialogue to Promote Peace and Social Harmony - with Special Reference to Dara Shikoh’s Emphasis on Religious Harmony' শীৰ্ষক তত্ত্বগধুৰ বিষয়ত এখনি আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হয়।



উদ্বোধনী ভাষণ প্ৰদান কৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই উল্লেখ কৰে যে, "ভাৰতীয় সংস্কৃতিত চুফীবাদ এক তত্ত্বগধুৰ তথা শান্তি, সম্প্ৰতি আৰু একতাৰ এনাজৰীৰে সমাজখন বান্ধি ৰখা বিষয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়তো সম্প্ৰীতিৰ দৃষ্টিভংগীৰে মানৱতাবাদী ভাৱধাৰাৰ সৈতে এই বিষয় গভীৰভাৱে সংযুক্ত।"



অনুষ্ঠানত মুখ্য অতিথিৰূপে গুৱাহাটীস্থিত বাংলাদেশ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সহকাৰী উচ্চায়ুক্ত তথা মিছন প্ৰধান জিকৰুল হাছান ফাহাদ, সন্মানীয় অতিথিৰূপে অধ্যাপক এইচ ই হালকাৰ হামৰায়েভা (State Academy of Choreography of Uzbekistan, Uzbekistan), অধ্যাপক অখলাক আহমদ (Chairperson, CP & CAS, JNU, New Delhi) আৰু শ্বাহোদাত ইছাখানোভা (Member of Uzbekistan Writers’ Union, Uzbekistan) আৰু কলিকতা বিশ্ববিদ্যালয়ৰ মধ্যযুগীয় আৰু আধুনিক ভাৰতীয় ইতিহাসৰ মুৰব্বী অধ্যাপক অমিত দেই মূল ভাষণ প্ৰদান কৰে। 

তিনিদিনীয়া উক্ত অনুষ্ঠানত চুফীবাদৰ বিভিন্ন বিষয়ত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰা অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে।


No comments:

Post a Comment