গুৱাহাটী ৭ নৱেম্বৰ : দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে দেশৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নির্মলা সীতাৰমণ। কেন্দ্রীয় বিত্তমন্ত্ৰীগৰাকী আজি পুৱাৰ ভাগত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উপস্থিত হোৱাৰ পাছত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই উষ্ম আদৰণি জনাই।
উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লুইতৰ পাৰক আটকধুনীয়া পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰাৰ পদক্ষেপ হিচাপে গ্ৰহণ কৰা ব্ৰহ্মপুত্ৰৰ নদীপাৰ সতী ৰাধিকা শান্তি উদ্যান আৰু গুৱাহাটী প্ৰৱেশদ্বাৰ (টাৰ্মিনেল আৰু ঘাট) আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। লগতে আৰু বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কেন্দ্রীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।
No comments:
Post a Comment