Wednesday, November 19, 2025

জুবিন গাৰ্গৰ জন্মদিনত গুৱাহাটী বিশ্ববিদ্যালয়ত ৫৩ জোপা নাহৰ গছৰ পুলি ৰোপণ বিষয়া সন্থাৰ

 

 

গুৱাহাটী ,১৯  নৱেম্বৰ : অসমৰ ৰাইজৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে আজি গুৱাহাটী বিশ্ববিদ্যালয় বিষয়া সন্থাই  নাহৰ গছৰ পুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ  কৰে। এটি নাহৰ গছৰ পুলি ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে  উপাচাৰ্য অধ্যাপক  ননী গোপাল মহন্তই।  গছপুলি ৰোপণ কাৰ্যসূচীত  পঞ্জীয়ক ডঃ উৎপল শৰ্মা, ছাত্ৰ কল্যাণ সঞ্চালক তথা গুৱাহাটী বিশ্ববিদ্যালয় বিষয়া সন্থাৰ সভাপতি ডঃ ৰঞ্জন কুমাৰ কাকতিকে ধৰি ভালেসংখ্যক বিষয়া তথা কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।  সন্থাৰ সাধাৰণ সম্পাদক ডঃ ৰিতুপৰ্ণ বৰাই  জানিবলৈ দিয়া  মতে জুবিন গাৰ্গৰ ৫৩ সংখ্যক  জন্মদিন উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয় বিষয়া সন্থাই ৫৩ জোপা নাহৰ গছৰ পুলি বিশ্ববিদ্যালয় চৌহদত ৰোপণ কৰে ।

 


 

 

 

 

 

 

 

 


 

No comments:

Post a Comment