Saturday, October 11, 2025

অৰুণাচল ড°"ভূপেন হাজৰিকা দেৱৰ শত বৰ্ষ উদাযাপন।




অৰুণাচল  ১১ অক্টোবর:  অৰুণাচল প্ৰদেশ চৰকাৰে উদ্যোগত জানাই  "রোয়িং " যোৱা ২৬ সেপ্টেম্বরে  অনুষ্ঠিত কৰা ভাৰত ৰত্ন ড°"ভূপেন হাজৰিকা দেৱৰ  শত বৰ্ষ উপলক্ষত অসমৰ"ভুপেন হাজৰিকা সাংস্কৃতিক ন্যাস"ৰ উদ্যোগত   ভুপেন হাজৰিকাৰ দেবৰ শতবৰ্ষ উদাযাপন  কৰে ।   এই অনুষ্ঠানত  ১০০ খন পতাকা তলত  একগোট  হৈ  অৰুণাচল প্ৰদেশৰ   মূখ্য মন্ত্ৰী  প্ৰেমা খান্দু অসমৰ  মুখ্য মন্ত্ৰীৰ  অনুপস্থিতিত তেখেতৰ হৈ ৰণেজ পেগু  আৰু  অনান্য  বিশিষ্ট  ব্যক্তিৰ লগতে বিধায়ক  সকলে অংশগ্ৰহণ কৰি পতাকা উত্তোলন কৰাৰ  মুহূৰ্তত ভুপেন হাজৰিকাদেৱৰ  গীত " মানুহে মানুহৰ বাবে " বিভিন্ন  স্কুল  আৰু  কলেজৰ  ১০০ গৰাকী ছাত্ৰ ছাত্ৰীৰ  সকলে সমবেত সংগীত পৰিবেশন কৰি এক ঐতিহাসিক সুন্দৰ  সমন্বয়ৰ ঐতিহ্য ক্ষেত্ৰ  পৰিনত  কৰে।


   এই বৃহৎ অনুষ্ঠানত বিধায়ক বলিন চেতিয়া " ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস"ৰ সভাপতি, সম্পাদক মঞ্জুলা  হাজৰিকা অৰুণাচল চৰকাৰৰ বিশিষ্ট  ব্যক্তিসকল,  অসমৰ বিশিষ্ট সাহিত্যিক  অনুৰাধা পূজাৰী আৰু আমাৰ  হিয়াৰ আমঠু ভূপেনদাৰ  পৰিয়ালবৰ্গ  অৰ্থাৎ মনীষা হাজৰিকা বাইদেউৰ লগতে ময়ূষ হাজৰিকাও উপস্থিত থাকি সভাখনৰ সৌষ্ঠৱ বঢ়ায়।


    অৰুণাচল প্ৰদেশৰ বুলুং গাঁৱত অৱস্থিত ভুপেন হাজৰিকাৰ  প্ৰতি মূৰ্তিটো  বিশিষ্ট  ব্যক্তিসকলে একাজঁলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে I এইবছৰৰ ভুপেন হাজৰিকাদেৱৰ "সমন্বয় বটা "অৰুণাচলৰ স্হানীয়  বিশিষ্ট  ব্যক্তি হেমন্ত  বেংগিয়াক  প্ৰদান কৰে।লগতে অৰুণ ভুপেন  আৰু ভুপেন জ্যোতি  নামৰ দুখন স্মৃতি গ্ৰন্থ উন্মোচন কৰে, এটি সুন্দৰ  ভুপেন হাজৰিকাদেৱৰ জীৱন সম্পৰ্কত  লৰালিকালৰ পৰা মৃত্যুলৈকে এখন অপূৰ্ব টেলি ফ্লিম  প্ৰদৰ্শন কৰে ।


সন্ধিয়া  ময়ুষ হাজৰিকাই ভুপেন হাজৰিকাৰ গীত পৰিৱেশন কৰি দৰ্শকক আমোদ দিয়ে আৰু সুন্দৰ অৰুণাচল প্ৰদেশৰ  কলা সংস্কৃতিৰ  লগতে অসমৰ  সত্ৰীয়া নৃত্য  স্হানীয়   শিল্পী সকলে  সাংস্কৃতিক অনুষ্ঠানটিত  অংশগ্ৰহন কৰি দৰ্শকক আপ্লুত কৰে। ভুপেন  হাজৰিকাৰ  অনুষ্ঠানৰ মাজতেই  জুবিন গাৰ্গক আত্মাই  শান্তি পাবলৈ অশ্ৰু  নয়নেৰে  শ্ৰদ্ধাঞ্জলি জ্ঞাপন  কৰে । 






No comments:

Post a Comment