Friday, October 10, 2025

বেনাৰ-প'ষ্টাৰ-হৰ্ডিঙৰে উখল-মাখল গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ



 গুৱাহাটী, ১০ অক্টোবৰ:: গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচন ১৩ অক্টোবৰত অনুষ্ঠিত হ'ব। নিৰ্বাচনলৈ মাজতে তিনিদিন বাকী থকা অৱস্থাত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসকলে ব্যাপক নির্বাচনী প্রচাৰ কাৰ্য চলাই থকা পৰিলক্ষিত হৈছে । বিশ্ববিদ্যালয়ৰ চৌহদৰ বাহিৰে-ভিতৰে বেনাৰ-পোষ্টাৰ-হৰ্ডিং আদিৰে ছাত্ৰ-ছাত্ৰী সকলৰ মন জয় কৰিবলৈ তৎপৰতা অব্যাহত ৰখা পৰিলক্ষিত হৈছে । তদুপৰি আন একাংশ প্ৰতিদ্বন্দীয়ে বিশ্ববিদ্যালয়ৰ সমীপৱৰ্তী লংকেশ্বৰ, সদিলাপুৰ, গাড়ীগাঁও, সুন্দৰবৰী, গোটনগৰ, খানামুখ আদি অঞ্চলত ভাৰাতীয় হিচাপে থকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে ঘৰে ঘৰে গৈ প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে ।

  মুঠতে এতিয়া মাথোঁ বিশ্ববিদ্যালয়ৰ চৌদিশে নির্বাচনী শ্ল'গান। প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ প্ৰাৰ্থীসকলে পুৱাৰ পৰা নিশালৈ বিশ্ববিদ্যালয়ৰ প্রতিটো ছাত্ৰাবাস আৰু ছাত্ৰী নিবাসত সদলবলে গৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই গৈছে । বেনাৰ-প'ষ্টাৰ-হৰ্ডিঙেৰে ভৰি পৰিছে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ । উল্লেখযোগ্য যে অহা ১৩ অক্টোবৰত  অনুষ্ঠিত হ'বলগীয়া গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত এইবেলি ১৮ টা পদত মুঠ ৪৫ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ এইবাৰৰ নিৰ্বাচনত কেউটা পদতে তুমুল প্রতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনাই দেখা দিছে। যাৰবাবে প্ৰচাৰ অভিযানো আকর্ষণীয় হৈ উঠিছে । ইফালে নিৰ্বাচনী বিধি অনুসৰি ১১ অক্টোবৰৰ নিশা বজাৰ লগে-লগে নির্বাচনী প্ৰচাৰ অভিযান বন্ধ হ'ব । ইয়াৰ পূৰ্বে  বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্রেক্ষাগৃহত বিয়লি এখন মুকলি তর্ক অনুষ্ঠিত হ'য় । ১৪ অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা ভোট গণনা কাৰ্য আৰম্ভ হ'ব আৰু সন্ধিয়াৰ পূৰ্বে নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ আশা আছে।

No comments:

Post a Comment