Saturday, October 4, 2025

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সুঁৱৰি পাণ্ডুঘাটৰ ব্ৰহ্মপুত্ৰত দুটা দিনত ১১৫ খন প্ৰতিমা বিসৰ্জন


গুৱাহাটী , ৪ অক্টোবৰ : গুৱাহাটীৰ অন্যতম বিসৰ্জনথলী  পাণ্ডুঘাটত যেনে ধৰণৰ শৃংখলাবদ্বভাৱে দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হয় সেয়া তুলনাবিহীন। ইয়াত প্ৰতি বছৰে কোনে কিমান শৃংখলাবদ্ধ ভাৱে প্ৰতিমা বিসৰ্জন দিয়ে তাৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় । সমান্তৰালভাৱে আন আন ক্ষেত্ৰ সমূহতো বিভিন্ন শিতানত প্ৰতিযোগিতাৰ আয়োজন কৰা হয় আৰু সেই অনুসৰি সেই উদযাপন সমিতি সমূহক নগদ ধনসহ বঁটা প্ৰদান কৰা হয়। ইয়াৰ উপৰিও আন আন ঘাটত এদিনৰ বিপৰীতে পাণ্ডুঘাটত বিজয়া দশমী আৰু তাৰ পাছদিনা অৰ্থাৎ দুদিন ধৰি প্ৰতিমা বিসৰ্জন দিয়া হয়।

 কিন্তু এইবাৰ  অসমৰ ৰাইজৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত  এইবেলি পাণ্ডুঘাটত প্ৰতিমা বিসৰ্জন দিবলৈ অহা দল সমূহে  পাণ্ডুঘাট বিসৰ্জন সমিতিৰ আহ্বান অনুসৰি ছাউণ্ড চিষ্টেম বা ডি জেৰ  ব্যৱহাৰ কৰাৰ সলনি কেৱল মাংগলিক আৰু আধ্যাত্মিক পৰিবেশৰ মাজতহে  দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জন দিয়ে। তেনেদৰে  প্ৰতিমা বিসৰ্জন দিবলৈ অহা হাজাৰ হাজাৰ ভক্তই জুবিন গাৰ্গক সুঁৱৰি শিল্পী গৰাকীৰ অন্যতম কালজয়ী গীত "মায়াবিনী ৰাতি" পৰিবেশন কৰি আবেগিক হৈ পৰা  পৰিলক্ষিত হয়। 

 ইফালে পাণ্ডুঘাটত বিসৰ্জন সমিতিৰ উদ্যোগত স্থাপন কৰা জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ গৈ কান্দি কান্দি আবেগিক হৈ পৰে বহু ভক্ত। বিসৰ্জন সমিতিৰ সভাপতি নিমাই চন্দ্ৰ দাস, কাৰ্যকৰী সভাপতি শ্যামল ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক দ্বিজেন লহকৰে জানিবলৈ দিয়া মতে এইবেলি দুদিনত মুঠ ১১৫  খন প্ৰতিমা বিসৰ্জন দিয়া হয়। তাৰ ভিতৰত ২  অক্টোবৰ বিজয়া দশমীৰ দিনা মাজনিশালৈ ৬৫ খন আৰু আজি মাজনিশাকৈ ৫০ খনসহ দুটা দিনত মুঠ ১১৫ খন প্ৰতিমা বিসৰ্জন দিয়া হয়। পূৰ্বৰ দৰে আৰক্ষী, এন ডি আৰ এফ, এছ ডি আৰ এফ, আভ্যন্তৰীণ জল পৰিবহণ বিভাগ , অসামৰিক প্ৰতিৰক্ষা , অগ্নি নিৰ্বাপক বাহিনী, পৌৰ নিগমকে ধৰি বিসৰ্জন পৰ্বৰ লগত জড়িত সকলোৰে সহযোগত সুকলমে সম্পন্ন হয় প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়া।

No comments:

Post a Comment