Monday, October 27, 2025

ভীমাশংকৰ জ্যোতিৰ্লিংত মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থনা, পৰিৱেশ সংৰক্ষণৰ আহ্বান


 

গুৱাহাটি, ২৭ অক্টোবৰঃ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ গড়চুকৰ পামহীত অৱস্থিত পবিত্ৰ ভীমাশংকৰ জ্যোতিৰ্লিং মন্দিৰত ভগৱান শিৱৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনায়। মুখ্যমন্ত্ৰীয়ে এই পবিত্ৰ স্থলৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু পৰিৱেশ সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি সকলোৰে সহযোৰে মন্দিৰ পৰিসৰৰ পৰিচ্ছন্নতা আৰু পৰিৱেশ সুৰক্ষাৰ দিশত বিশেষ মনোযোগ দিয়াৰ আহ্বান জনায়। 


তেওঁ মন্দিৰ পৰিসৰত চলি থকা বিভিন্ন উন্নয়নমূলক কাম-কাজৰো স্থল পৰিদৰ্শন কৰে আৰু কামৰ গতি-প্ৰগতিৰ বিষয়ে অধিকাৰীসকলৰ সৈতে আলোচনা কৰে। মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণে স্থানীয় ভক্তসকলৰ মাজত উৎসাহৰ সঞ্চাৰ কৰে। ভীমাশংকৰ জ্যোতিৰ্লিংক লৈ ৰাজ্য চৰকাৰৰ বিশেষ মনোযোগে পৰ্যটন আৰু ধৰ্মীয় ঐতিহ্য দুয়ো সংৰক্ষণৰ দিশত এক ইতিবাচক পদক্ষেপ হিচাপে গণ্য কৰা হৈছে।


 

No comments:

Post a Comment