গুৱাহাটী, ১৫ অক্টোবৰ : কেঞ্চাৰ সচেতনতা, প্ৰতিৰোধ আৰু অটিজম সজাগতাৰ বাবে নাৰী শক্তিকৰণৰ হকে কাম কৰি অহা আগশাৰীৰ সংস্থা অপৰূপাই অহা ২৬ অক্টোবৰত গুৱাহাটীৰ মালিগাওঁ বৰিপাৰাস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত এক অনুষ্ঠানৰ আয়োজন কৰিছে।
এটা প্ৰেছ বিবৃতিত অপৰূপাৰ প্ৰতিষ্ঠাপক ৰুণা লাইলাই জানিবলৈ দিয়া মতে ২৬ অক্টোবৰত হবলগীয়া অনুষ্ঠানত “অপৰূপা মহীয়সী নাৰী বঁটা” আৰু “অপৰূপা এক্সেলেঞ্চি এৱাৰ্ড ২০২৫” প্ৰদান কৰা হব। একেদৰে “কেঞ্চাৰ সচেতনতা আৰু প্ৰতিৰোধ” কাৰ্যসূচীৰ অংশ হিচাপে সিদিনা কেঞ্চাৰ ৰোগীসকলৰ বাবে আৰ্থিক অনুদান আগবঢ়োৱা হব সহায়ৰো ব্যৱস্থা কৰা হ’ব ।
অনুষ্ঠানত অৰ্থনৈতিকভাৱে দুৰ্বল ৫০ জন কেঞ্চাৰ ৰোগীক প্ৰতিজনকে ১০ হাজাৰ টকাকৈ প্ৰদান কৰা হব । লগতে ৰেহাই মূল্যত ঔষধ আৰু কেমোথেৰাপীৰ সুবিধা প্ৰদান কৰা হ’ব। কাৰ্যসূচীত বিশেষজ্ঞসকলে “অটিজমৰ প্ৰাৰম্ভিক লক্ষণ চিনাক্তকৰণ, চিকিৎসা পদ্ধতি আৰু থেৰাপি-ভিত্তিক ব্যৱস্থাপনা” বিষয়ৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত হব । অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালৰ অন্তৰ্গত ১০ জন অনুষ্ঠানত বিশেষ শিশুক বিনামূলীয়া মূল্যায়ন আৰু থেৰাপি প্ৰদান কৰা হ’ব।
অনুষ্ঠানত হিন্দী চলচ্চিত্ৰ জগতৰ এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী সংগীতা বিজলানী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। ইয়াৰ উপৰিও অনুষ্ঠানত স্নেহ দেৱী সোঁৱৰণী উপন্যাস প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা বিতৰণ , প্ৰয়াত নিপন গোস্বামীৰ সোঁৱৰণত সাংস্কৃতিক জগতখনৰ বিশেষ ৪ জন ব্যক্তিক বঁটা প্ৰদান , মিছেস অপৰূপা” আৰু “মিছ অপৰূপা” প্ৰতিযোগিতাৰ চূড়ান্ত ৰাউণ্ড , মেকআপ আৰ্টিষ্ট্ৰ আৰু মেহেন্দী ডিজাইন প্ৰতিযোগিতা , অসমৰ বিভিন্ন স্থানৰ শিল্পীসকলৰ দ্বাৰা সংগীত, নৃত্য আৰু নাট্য প্ৰদৰ্শন কৰা হব।
No comments:
Post a Comment