Saturday, October 11, 2025

গুৱাহাটী বিশ্ববিদ্যালয়র চৌহদত গছৰ পুলি ৰোপণ কৰে স্নাতকোত্তৰ ছাত্ৰ সন্থা।



গুৱাহাটী   ১১  অক্টোবৰ - শিল্পী জুবিন গাৰ্গৰ আদৰ্শক জীয়াই ৰখাৰ চেষ্টাৰে শিল্পী ছাত্ৰ সমাজ আৰু অনুৰাগীসকলে শুক্রবাৰ গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত ৰোপণ কৰে শতাধিক নাহৰ আৰু বকুল গছৰ পুলি। গুৱাহাটী বিশ্ববিদ্যালয়ৰ  স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সহযোগত বিশ্ববিদ্যালয় চৌহদৰ বিভিন্ন প্ৰান্তত ৰোপণ কৰা হয় পুলিসমূহ এই কাৰ্যসূচীত অংশ লয় কৰে শিল্পী মন্টুমণি শইকীয়া, বীৰ লাচিত সেনাৰ গুৱাহাটী মহানগৰ সচিব বিকাশ অসম, লগতে অংশগ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নেতৃবৰ্গই। উল্লেখ্য যে, নাহৰ আৰু বকুল জুবিন গাৰ্গৰ প্ৰিয় হেতুকে আজি এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি অসমৰ বিভিন্ন স্থানত অনুৰূপ কাৰ্যসূচী চলি থকা বুলি মন্তব্য বিকাশ অসমৰ।

No comments:

Post a Comment