গুৱাহাটী , ২৫ অক্টোবৰ : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ শালি ধানৰ খেতিৰ বাবে বিখ্যাত বৃহত্তৰ ৰাণী অঞ্চলৰ সহস্ৰাধিক কৃষকে কপালৰ ঘাম মাটিত পেলাই তিনি-চাৰি মাহ পূৰ্বে প্ৰখৰ ৰ'দ-বৰষুণক নেওচিও পথাৰত সিঁচিছিল সোণগুটি । কিন্তু ধানৰ থোক তথা গজালি মেলিবলৈ আৰম্ভ হোৱাৰ সময়তে খেতিপথাৰত বনৰীয়া হাতীৰ মুক্ত বিচৰণ আৰম্ভ হোৱাত এতিয়া ভঁৰাললৈ লখিমী আহে নে নাহে তাক লৈ চিন্তিত-শংকিত হৈ পৰিছে কৃষকসকল। কিয়নো সন্ধিয়া আন্ধাৰ হোৱাৰ পাছতেই কাষৰীয়া অসম-মেঘালয় সীমান্তৰ ৰাণী বনাঞ্চলৰ পৰা অহা হাতীৰ জাকসমূহ তিনি-চাৰিটা গোটত ভাগ ভাগ হৈ ঠাইবিশেষে জনাঞ্চলৰ মাজেৰে পথাৰত প্ৰৱেশ কৰি আহিছে ।
অবশেষত ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই পলমকৈ হলেও বন বিভাগৰ ৰাণী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত বনৰীয়া হাতীৰ বেছিকৈ বিচৰণ হোৱা অঞ্চল সমূহত নিশা হাতী খেদা কাৰ্যত সহায়ক হোৱাকৈ কৃষকৰ মাজত টৰ্ছ লাইট, বৰষুণ আহিলেও যাতে পথাৰত যাব পাৰি তাৰ বাবে ৰেইনকোট বিতৰণ কৰা হয়। একেদৰে হাতী প্ৰতিৰোধ কৰাৰ বাবে পূৰ্বতে বন বিভাগ আৰু অনা চৰকাৰী সংস্থাৰ যৌথ উদ্যোগত স্থাপন কৰাৰ পাছত বিকল হৈ থকা সৌৰশক্তি চালিত ফেন্সিঙৰ তাৰ সমূহো কিছুদিন পূৰ্বে মেৰামতি কৰি সচল কৰা হয়।
ৰাণীৰ আঞ্চলিক বন বিষয়া ৰজী বৰ্মনৰ নেতৃত্বত বনকৰ্মী সকলক এই বিতৰণ কাৰ্যসূচীত সহযোগিতা আগবঢ়াইছিল ৰাণী মৈৰাপুৰ আঞ্চলিক হাতী প্ৰতিৰোধ সমিতিৰ কৰ্মকৰ্তাসকলে । এই সন্দৰ্ভত সমিতিৰ সভাপতি দীনেশ নাথ আৰু সম্পাদক বিনয় দাসে জানিবলৈ দিয়া মতে বেছিকৈ হাতীৰ মুক্ত বিচৰণ হোৱা অঞ্চল হিচাপে পৰিচিত অসম মেঘালয় সীমান্তবৰ্তী নালাপাৰা, বেলগুৰী, উদয়পুৰ, মৈৰাপুৰ পাটগাওঁ, পুৰাণ শুকুৰবৰীয়া আৰু মাণিকপুৰত টৰ্ছ লাইট আৰু ৰেইনকোট বিতৰণ কৰা হয়। বিতৰণৰ সময়ত সমিতিৰ অশোক ৰাভা, ৰমেশ দাস, শিৱ ঠাকুৰীয়াকে ধৰি কৰ্মকৰ্তা সকল উপস্থিত আছিল ।
উল্লেখ্য যে আজাৰাৰ সমীপৰ পাটগাঁৱৰ পৰা আৰম্ভ কৰি অসম- মেঘালয় সীমান্তৰ শুকুৰবৰীয়ালৈকে বৃহত্তৰ ৰাণী অঞ্চলৰ বিক্ৰমপুৰ, চল্লি, পুখুৰীপাৰ, পাত হালধীয়া, চেঁচা গাৰোপাৰা, নাল্লাপাৰা, গণপতি, মাণিকপুৰ, জয়পুৰ, উদয়পুৰ খপেগাঁও, পুৰাণ শুকুৰবৰীয়া, নতুন ৰাণী, মৈৰাপুৰ পাটগাঁও, ,আন্ধেৰীজুলি সজ্জনপাৰা, গণপতি আদি গাঁৱত বনৰীয়া হাতীৰ খেতিপথাৰত মুক্ত বিচৰণে কৃষক ৰাইজৰ নিদ্রা হৰণ কৰিছে। বিকল হৈ থকা সৌৰশক্তি চালিত ফেন্সিং সমূহ মেৰামতি কৰি সচল কৰাৰ পাছত পূৰ্বতকৈ হাতীৰ উপদ্ৰৱ তুলনামূলক ভাবে কমি গৈছে। অৱশ্যে সমিতিৰ লগতে অঞ্চলটোৰ কৃষক ৰাইজে বন বিভাগক শালি ধান কটাৰ সময়লৈকে যাতে খেতিপথাৰত হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ বাবে অতিৰিক্ত বনকৰ্মীৰ দল নিয়োগ কৰে তাৰ বাবে আহ্বান জনাইছে।


No comments:
Post a Comment