Monday, September 29, 2025
জুবিন গাৰ্গৰ স্মৃতিত আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিষয়া সন্থাৰ
গুৱাহাটী ২৯ ছেপ্টেম্বৰ: অসমৰ কিংবদন্তি তথা সকলোৰে প্ৰিয় শিল্পী ,গায়ক, সুৰকাৰ, প্ৰয়াত জুবিন গাৰ্গক গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিষয়া সন্থাই শনিবাৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰি কৰে। জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ ফলৰ সমগ্ৰ ৰাজ্যৰ লগতে বিষয়া সন্থাই শোক প্ৰকাশ কৰি গুৱাহাটী বিশ্ববিদ্যালয় বিষয়া সন্থাৰ সভাপতি ড° ৰঞ্জন কুমাৰ কাকতিৰ নেতৃত্বত বিষয়া সন্থাৰ সদস্যসকলে তেওঁলোকৰ কাহিলীপাৰা স্থিত বাসগৃহত উপস্থিত হৈ শিল্পীগৰাকীৰ শোকসন্তপ্ত পৰিয়াল তথা পত্নী গৰিমা শইকীয়া গাৰ্গক সহমৰ্মিত প্ৰকাশ কৰাৰ লগতে অসমীয়া সংগীত আৰু সংস্কৃতিৰ প্ৰতি তেওঁৰ অতুলনীয় অৱদান স্বীকাৰ কৰি শোকবাৰ্তা প্ৰদান কৰে।বিষয়া সন্থাই ঘোষণা কৰে যে জুবিন গাৰ্গৰ জীৱন, কৰ্ম, শিল্প সৃষ্টিৰ প্ৰতি উৎসৰ্গিত আলোচনা চক্ৰ আৰু কৰ্মশালাৰ আয়োজন কৰা হ'ব। অসম আৰু ইয়াৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে তেওঁৰ চিৰন্তন বন্ধনৰ প্ৰতীক হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত জুবিন গাৰ্গৰ আগন্তুক জন্মদিনত ৫৩ জোপা নাহৰ গছপুলি ৰোপণৰ পৰিকল্পনাও সন্থাই প্ৰকাশ কৰে।

No comments:
Post a Comment