অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু পৰিয়াল পেন্সনাৰৰ সুবিধাৰ বাবে ডিজিটেল লাইফ চার্টিফিকেট অভিযান-৫.০ ৰ শুভাৰম্ভ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ
গুয়াহাটি , ৩ নৱেম্বৰ : দেশজুৰি চলি থকা ডিজিটেল লাইফ চার্টিফিকেট (ডিএলচি) অভিযান ৫.০ৰ অধীনত উত্তৰ-পূব সীমান্ত ৰে'লৱেই ২ নৱেম্বৰত নিউ তিনিচুকীয়া আৰু ডিব্ৰুগড়ত শিবিৰ অনুষ্ঠিত কৰি এই অনুষ্ঠানৰ ধাৰাবাহিক কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছে। উত্তৰ-পূব সীমান্ত ৰে'লৱে পেঞ্চনাৰ্ছ এছ'চিয়েচনৰ (এনএফআৰপিএ) সংশ্লিষ্ট কার্যালয়সমূহত আয়োজন কৰা এই শিবিৰসমূহৰ জৰিয়তে অৱসৰপ্ৰাপ্ত ৰে'লৱে কৰ্মচাৰী তথা পৰিয়াল পেঞ্চনাৰসকলক বার্ষিক লাইফ চার্টিফিকেট সহজে দাখিল কৰাত সহায় কৰাৰ উদ্দেশ্যে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ এমাহজোৰা বিশেষ পদক্ষেপৰ শুভাৰম্ভ কৰা হয়। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জানিবলৈ দিয়া মতে এই শিবিৰসমূহত মুঠ ৫২ গৰাকী পেঞ্চনাৰৰ অংশগ্ৰহণ পঞ্জীয়ন কৰা হয় ।
ইয়াৰে ভিতৰত নিউ তিনিচুকীয়াত ৪৭ গৰাকী আৰু ডিব্ৰুগড়ত ৫ গৰাকী পেঞ্চনাৰ উপস্থিত থাকে। মুঠ ৩৫ গৰাকী পেঞ্চনাৰ আৰু পেঞ্চনাৰ পৰিয়ালৰ ডিজিটেল লাইফ চার্টিফিকেটৰ তথ্য সফলতাৰে আপলোড কৰা হয়। বাকী পেঞ্চনাৰসকলক এই প্রক্রিয়া সম্পূৰ্ণ কৰাত সহায় কৰাৰ উদ্দেশ্যে ৬ নৱেম্বৰত ডিব্ৰুগড়ত আন এক শিবিৰ অনুষ্ঠিত কৰাৰ দিন ধাৰ্য কৰা হৈছে । পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগ তথা ৰে'লৱে ব'ৰ্ডৰ নিৰ্দেশনা অনুসৰি ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ অনুষ্ঠিত হোৱা এই অভিযানে আধাৰ-ভিত্তিক মুখমণ্ডল চিনাক্তকৰণ প্ৰযুক্তিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি লাইফ চার্টিফিকেট ডিজিটেল পদ্ধতিৰে দাখিল কৰাত উৎসাহিত কৰিছে। এই সুবিধায় পেঞ্চনাৰসকলক উপযুক্ত স্মার্টফোন ব্যৱহাৰ কৰি নিজৰ লাইফ চার্টিফিকেট প্ৰস্তুত কৰাৰ বাবে সহায় কৰিব । যাৰ ফলত বেংক বা পেঞ্চন প্রদানকাৰী কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজনীয়তা হ্রাস পাব।
এই অভিযানৰ অংশ হিচাপে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ সংমণ্ডলীয় আৰু মাণ্ডলিক ম। এই কার্যসূচী উত্তৰ-পূব সীমান্ত ৰে'লৱে পেঞ্চনাৰ্ছ এছ'চিয়েচন (এনএফআৰপিএ), বেংক আৰু সংশ্লিষ্ট সংস্থাসমূহৰ সহযোগত ৰূপায়ণ কৰা হৈছে। বিশেষকৈ ৮০ বছৰ বা তাতকৈ অধিক বয়সৰ পেঞ্চনাৰসকলৰ লগতে অসুস্থ বা চলাচল কৰিব নোৱাৰা পেঞ্চনাৰসকলৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে আৰু প্ৰয়োজন অনুসৰি তেওঁলোকৰ বাবে ঘৰলৈ গৈ এই সুবিধা আগবঢ়োৱাৰো ব্যৱস্থা ৰখা হৈছে।

No comments